সোণম কাপুৰ


সোণম কাপুৰ

২০১৭ চনত সোণম কাপুৰ
জন্ম ৯ জুন, ১৯৮৫ (৩৮ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৭–বৰ্তমানলৈ
দাম্পত্যসঙ্গী আনন্দ আহুজা (বি. ২০১৮)
পিতৃ-মাতৃ অনিল কাপুৰ (দেউতা)
সন্তান
আত্মীয়-স্বজন ৰিয়া কাপুৰ (ভনী)
হৰ্ষবৰ্দ্ধন কাপুৰ (ভায়েক)
কাপুৰ পৰিয়াল


সোণম কাপুৰ হিন্দী ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটা লাভ কৰি ২০১২ চনৰ পৰা ২০১৬ চনলৈকে আয় আৰু জনপ্ৰিয়তাৰ ভিত্তিত ফৰ্বছ ইণ্ডিয়াৰ চেলিব্ৰিটি ১০০ তালিকাত স্থান লাভ কৰিছিল।

ব্যক্তিগত জীৱন

অনিল কাপুৰ আৰু সুনীতা কাপুৰৰ কন্যা সোণম কাপুৰ। চলচ্চিত্ৰ নিৰ্মাতা সুৰিন্দৰ কাপুৰৰ নাতিনী। প্ৰযোজক বনী কাপুৰ, অভিনেতা সঞ্জয় কাপুৰ আৰু সন্দীপ সন্দীপ মাৰৱাহৰ ভতিজী। তিনিজন ভাই-ভনীৰ ভিতৰত সোণম ডাঙৰ; তেওঁৰ পিছতে ভগ্নী ৰিয়া আৰু ভাতৃ হৰ্ষবৰ্ধন।

ইষ্ট লণ্ডন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি ইউনাইটেড ৱৰ্ল্ড কলেজ অৱ চাউথ ইষ্ট এছিয়াত আন্তঃৰাষ্ট্ৰীয় স্নাতক ডিগ্ৰী লাভৰ বাবে নামভৰ্তি কৰে। পিছত সোণমে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ মেজৰ আছিল ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি। ইংৰাজী, হিন্দী আৰু পাঞ্জাবী ভাষাত তেওঁ পাকৈত। ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু বিভিন্ন লেটিন নৃত্যৰ প্ৰশিক্ষণ লাভ কৰিছে।

২০১৮ চনৰ ৮ মে’ত ব্যৱসায়ী আনন্দ আহুজাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

তথ্য সংগ্ৰহ