মকৰা জীৱাশ্ম কাল: Pennsylvanian - Holocene, ৩১৯–০ নিযুত বছৰ | |
---|---|
বিভিন্ন মকৰাৰ ছবি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Arachnida |
বৰ্গ: | Araneae Clerck, 1757 |
উপবৰ্গ | |
Diversity | |
১০৯ টা পৰিয়াল, ৪০,০০০তকৈ অধিক প্ৰজাতি |
মকৰা (ইংৰাজী: Spider) হৈছে অষ্ট পদ যুক্ত এক প্ৰকাৰৰ সন্ধিপদী প্ৰাণী। ইহতৰ কিছুমান প্ৰজাতি অতি বিষাক্ত। ইহঁত arachnidaৰ অতি বৃহৎ বৰ্গ আৰু জীৱৰ অন্য সকলো বৰ্গৰ প্ৰজাতিৰ বিচিত্ৰতাৰ ভিতৰত ইহঁতৰ স্থান সপ্তম। এণ্টাৰ্কটিকাক বাদদি পৃথিৱীৰ সকলো মহাদেশতে মকৰা পোৱা যায়, আৰু কিছু বায়বীয় আৰু সাগৰীয় উপনিৱেশক বাদদি প্ৰায় সকলো বাসস্থানতে উপলব্ধ। বিজ্ঞানীসকলে ২০০৮ চনত, মকৰাৰ প্ৰায় ৪৩,৬৭৮ টা প্ৰজাতি, আৰু ১০৯ টা পৰিয়াল চিনাক্ত কৰিছে।